Skip to main content

Posts

Showing posts from September, 2022

অৰুণোদয় (১৮৪৬-১৮৭০)

অৰুণোদয় কালৰ খ্ৰীষ্টীয়ান লেখক ১/ ড° মাথান ব্ৰাউন (১৮০৭-৮৬) "নিউটেষ্টামেন্ট " অসমীয়া ভাঙনি (১৮৪৯), "খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাৰ্তা" (১৮৫৪) "অসমীয়া ভাষাৰ ব্যায়কৰণ"(১৮৪৮) "যোচেফৰ কাহিনী" "যিশুখ্ৰীষ্টৰ জীৱনী" "অৰুণোদয়"with cutter (১৮৪৬) "Grammatical Notices of the Assamese Language." ২/ এলিজা ব্ৰাউন 'সাধুৰ পুথি' 'গণনা পুথি' (for children) ৩/ ড° মাইলছ ব্ৰন্সন (১৮১২-৮৩) 'অসমীয়া অভিধান' (১৮৬৭) ইয়াৰ উপৰিও স্তুতি গীত ৰচনা কৰে। ৪/ এ. কে . গাৰ্নি (১৮৫৪-১৯১০) অৰুণোদই with Brown 'প্ৰাচীন নিয়ম' 'ৰুথ আৰু যোচেফৰ কাহিনী'(১৮৮১) 'কানি বেহেৰুৱাৰ কথা'(১৮৭৮) 'এলোকেশী বেশ্যাৰ কথা'(১৮৭৭) 'কামিনী কান্তৰ চৰিত্ৰ'(১৮৭৭) ৫/ শ্ৰীমতী গান্তিঃ 'ফুলমণি আৰু কৰুণাৰ কাহিনী' হিব্ৰু ভাষাৰ পৰা 'অ'ল্ড টেষ্টামেনট' অসমীয়া ভাষালৈ অনুবাদ কৰে। আৰু H.P Moora ৰ গত লগ লাগি 'নিউ টেষ্টামেন্ট' অনুবাদ শংশোধন কৰে। ১৯০৫ চনত ' দীপ্তি' আলোচনী...

শংকৰী যুগৰ কবি

১/ শংকৰদেৱ (১৪৪৯-১৫৬৮) ৰচনা:- #কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰূক্মিণী-হৰণকাব্য, বলিছলন, অমৃত মথন ,অজমিল উপখ্যান, আৰু কুৰুক্ষেত্ৰ #ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ - ভক্তিপ্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি -নৱসিদ্ধ সংবাদ আৰু অনাদিপতন, #অনুবাদমুলক- ভাগৱত ১ম, ২ য়, ৬ ষ্ঠ (অজামিল উপাখ্যান মাত্ৰ) ৮ম (বলিছলন , অমৃত মথন) , ১০ম, ১১শ ,১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড #অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিনীহৰণ, পাৰিজাতহৰণ আৰু ৰামবিজয় #গীত- বৰগীত, ভটিমা , টোটয় আৰু চপয় #নাম প্ৰসংগ- কীৰ্তন আৰু গুণমালা ২/ মাধৱদেৱ (১৪৮৯-১৫৯৬) #আখ্যানমুলক গ্ৰন্থ- আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য #তত্ত্বমূলক গ্ৰন্থ- নামঘোষা, জন্ম-ৰহস্য, ভক্তি-ৰত্নাৱলী আৰু নাম-মালিকা #নাট- অৰ্জুন - ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমিলেটৱা, ভোজন -বিহাৰ ,ব্ৰাহ্মামোহন , ৰাস- ঝুমুৰ, ভূষন- হৰণ, আৰু কোটোৰা খেলা, #গীত- বৰগীত আৰু ভটিম ৩/ অনন্ত ক্দলী #অনুবাদমূলক- ৰামায়ণ, ষষ্ঠ স্কন্ধ, ভাগৱতৰ বৃত্ৰাসুৰ- বধ খণ্ড,  মধ্য আৰু শেষ দশম # কাব্য- কুমাৰ -হৰণ, মহীৰাৱণ বধ # নাটক- সীতাৰ পাতাল প্ৰৱেশ ৪/ ৰাম সৰস্বতী # To be continues

এটা শব্দত প্ৰকাশ কৰা

  এটা শব্দত প্ৰকাশ কৰা কাঁহৰ বাচন গঢ়োঁতা — কঁহাৰ। মাটিৰ বাচন সাজোঁতা—কুমাৰ। যি সকলে নাও বায়—নাৱৰীয়া। যি জলত চৰে—জলচৰ। যি শত্ৰুক বধ কৰে—শত্ৰুঘ্ন। ব্যাকৰণত যি পাৰদৰ্শী—বৈয়াকৰণিক, বৈয়াকৰণ । যাক সহজে লঙ্ঘন কৰিব নোৱাৰি অলঙ্ঘ্য। অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয়—নাতিশীতোষ্ণ। যিজনে আইন জানে—আইনজ্ঞ। যাৰ কোনো সন্তান নাই—নিঃসন্তান। যিজনী তিৰোতাৰ ল'ৰা-ছোৱালী (সন্তান) নহ'ল—বাঁজী । যাৰ বংশত কোনো নাই—নির্বংশ । কঁঠালৰ সৰু সৰু কলি—মুচি। নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান—মাউৰা ৷ নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তান—ঘাট-মাউৰা । বেঙৰ নেজ থকা সৰু পোৱালি—লালুকী। কাৱৈ মাছৰ সৰু পোৱালি—কাৱৈটিলা। গড়ৈ মাছৰ সৰু সৰু পোৱালি — গড়ৈচিৰিকা । বহুত কল-গছ থকা ঠাই—কলনি। আনৰ ভাল দেখিব নোৱাৰা—পৰশ্ৰীকাতৰ। গোটেই জীৱন জুৰি—আজীবন। দীর্ঘকাল জীয়াই থকা—দীর্ঘজীৱী। হঠাতে হোৱা ঘটনা—আকস্মিক। বিহুৰ আগদিনা—উৰুকা। লোকৰপৰা নিন্দা—লোকনিন্দা । যি হিচাপমতে নচলে—বেহিচাপী। ভিক্ষাৰ অভাৱ—দুর্ভিক্ষ। • প্ৰৱাসত থকা মানুহ—প্ৰৱাসী, প্ৰৱসুৱা । ঘৰ নাই যাৰ—অঘৰী । একে গুৰুৰ শিষ্য—সতীৰ্থ, হৰি ভকত। সত্য কথা কোৱা মানুহ—সত্যবাদী। ঈ...