এটা শব্দত প্ৰকাশ কৰা
কাঁহৰ বাচন গঢ়োঁতা — কঁহাৰ।
মাটিৰ বাচন সাজোঁতা—কুমাৰ।
যি সকলে নাও বায়—নাৱৰীয়া।
যি জলত চৰে—জলচৰ।
যি শত্ৰুক বধ কৰে—শত্ৰুঘ্ন।
ব্যাকৰণত যি পাৰদৰ্শী—বৈয়াকৰণিক, বৈয়াকৰণ ।
যাক সহজে লঙ্ঘন কৰিব নোৱাৰি অলঙ্ঘ্য।
অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয়—নাতিশীতোষ্ণ।
যিজনে আইন জানে—আইনজ্ঞ।
যাৰ কোনো সন্তান নাই—নিঃসন্তান।
যিজনী তিৰোতাৰ ল'ৰা-ছোৱালী (সন্তান) নহ'ল—বাঁজী ।
যাৰ বংশত কোনো নাই—নির্বংশ ।
কঁঠালৰ সৰু সৰু কলি—মুচি।
নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান—মাউৰা ৷
নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তান—ঘাট-মাউৰা ।
বেঙৰ নেজ থকা সৰু পোৱালি—লালুকী।
কাৱৈ মাছৰ সৰু পোৱালি—কাৱৈটিলা।
গড়ৈ মাছৰ সৰু সৰু পোৱালি — গড়ৈচিৰিকা ।
বহুত কল-গছ থকা ঠাই—কলনি।
আনৰ ভাল দেখিব নোৱাৰা—পৰশ্ৰীকাতৰ। গোটেই জীৱন জুৰি—আজীবন।
দীর্ঘকাল জীয়াই থকা—দীর্ঘজীৱী।
হঠাতে হোৱা ঘটনা—আকস্মিক। বিহুৰ আগদিনা—উৰুকা।
লোকৰপৰা নিন্দা—লোকনিন্দা । যি হিচাপমতে নচলে—বেহিচাপী।
ভিক্ষাৰ অভাৱ—দুর্ভিক্ষ।
• প্ৰৱাসত থকা মানুহ—প্ৰৱাসী, প্ৰৱসুৱা ।
ঘৰ নাই যাৰ—অঘৰী ।
একে গুৰুৰ শিষ্য—সতীৰ্থ, হৰি ভকত।
সত্য কথা কোৱা মানুহ—সত্যবাদী।
ঈশ্বৰত যাৰ বিশ্বাস নাই—নাস্তিক।।
যাৰ অন্ত নাই—অনন্ত।
বোকাত যাৰ জন্ম—পংকজ।
নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা — মানিনী।
যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে—কৃতজ্ঞ।
যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে—অকৃতজ্ঞ, কৃতঘ্ন।
যি পুৰুষৰ ঘৈণীয়েক মৰিছে—বৰলা।
যাক দেখা নাযায়— অদৃশ্য।
যি নাৰীৰ স্বামী মৰিছে—বিধৱা
এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায়—ওষধি।
বিয়া নকৰোৱা মানুহ—অবিবাহিত, বৰলা বা ডাং বৰলা ।
একে উদৰৰপৰা বা একে মাকৰপৰা জন্ম যাৰ—সহোদৰ, সহোদৰা (স্ত্রীলিঙ্গ)।
পৰৰ অধীন—পৰাধীন।
পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ—পৰমুখাপেক্ষী।
পৰৰ সৌভাগ্য দেখি যি কাত হয়—পৰশ্ৰীকাতৰ । যি গৰু-ম'হৰ গাড়ী চলায় — গাড়োৱান।
কানি খোৱা মানুহ—কানীয়া।
বাটেদি যোৱা মানুহ—বাটৰুৱা।
মিছা কথা কোৱা মানুহ — মিছলীয়া।
যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে
}—দুদর্শী।
যিজনে দূৰলৈ দেখে
যি আগেয়ে হোৱা নাই—অভূতপূর্ব। যাৰ দুই হাত সমানে চলে — সব্যসাচী।
নিজে নিজে হোৱা—স্বয়ম্ভু।
পি খোৱা বস্তু—পেয়।
চেলেকি খোৱা বস্তু — লেহ্য। চোবাই খোৱা বস্তু—চব্য।
দৰমহা নোলোৱাকৈ কাম কৰা মানুহ—অবৈতনিক।
ভৰিৰপৰা মূৰলৈকে—আপাদমস্তক। আনৰ দোষ দেখা স্বভাৱ –অসূয়া।
সখিয়েকৰ মাক—আমৈ।
বন্ধু-বান্ধৱৰ সৈতে—সবান্ধৱে (সবান্ধৱ) ।
কাৰো নাম নধৰাকৈ পৰা গালি —গুৱাল-গালি
।
ফুল নুফুলাকৈ গুটি হোৱা গছ—বনস্পতি ।
সীমা-নথকা — অসীম।
মাটিৰে নিৰ্মিত—মৃন্ময়।
মেলত পাৰ্গত—মেলেকী।
লোকক দেখি পাছত যি কৰে—অনুকৰণ।
এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা—কাকবন্ধ্যা, বিয়ৈবাজী
(কাউৰ-বাঁজী)।
হতভাগ্য যাৰ—হতভগা।
ধান ৰোৱা তিৰোতা— ৰোৱনী। ধান দোৱা তিৰোতা—দাৱনী।
বীণা আছে পাণিত (হাতত) যাৰ—বীণাপাণি ।
দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ—দেশকর্মী। দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ—ছহিদ্ (শহীদ্)।
পথৰপৰা যি বিচলিত হৈছে—পথভ্ৰষ্ট।
নোহোৱা বস্তু যি উলিয়ায়—আৱিষ্কাৰক, উদ্ভাৱক।
ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা—ৰূপোৱালী। সোণেৰে নিৰ্মিত বা সোণ চৰোৱা — সোণোৱালী ।
দেশক ভাল পোৱা মানুহ—দেশ-ভক্ত, দেশ-প্রেমিক।
নিজৰ ওপৰত যি নিৰ্ভৰ কৰে—স্বাৱলম্বী, আত্মনিৰ্ভৰশীল।
কৰিবলগীয়া কাম—কর্তব্য।
যাক সহজে লাভ কৰা যায়—সুলভ
যাক পাবলৈ টান—দুর্লভ, দুষ্প্রাপ্য।
যাৰ পুত্ৰ নাই—অপুত্ৰক ।
যি সংকল্প কৰিছে—কৃতসংকল্প। যি অনাই-বনাই ঘূৰি ফুৰে—যাযাবৰ, অঘৰী ।
যাৰ মূৰত চুলি নাই—তপামূৰা । যি মৰোঁ মৰোঁ অৱস্থাত আছে—মুমূর্ষু।
যি কোনো পক্ষ নলয় — নিৰপেক্ষ। যাৰ পূৰ্ব জন্মৰ কথা মনত আছে—জাতিস্মৰ।
যি সমাপ্ত হোৱা নাই—অসমাপ্ত।
যি কণীৰপৰা জন্মে—অণ্ডজ।
য'লৈ যোৱা টান—দুর্গম।
যি ৰণত মতলীয়া—ৰণমত্ত।
যি বিষ্ণুক পূজা কৰে—বৈষ্ণৱ । যি শিৱক পূজা কৰে—শৈৱ ।
যি শক্তিক পূজা কৰে—শাক্ত । যাৰ দয়া-মমতা নাই—নির্দয়।
(কথা) কোৱাৰ যি ইচ্ছা—বিবক্ষা।
মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা—জিঘাংসা।
যাৰ কোনো শত্ৰু নাই (বা শত্রু জন্মা নাই)—অজাতশত্রু।
যি সকলো জানে—সর্বজ্ঞ। যি গোচৰ তৰে— —গুচৰীয়া ।
যি ৰাতি চৰে—নিশাচৰ ।
যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে—অবিৱেচক।
যাক পৰিহাৰ কৰিব নোৱাৰি—অপৰিহাৰ্য।
যি কথা কোৱা উচিত নহয়—অকথ্য।
যিজনে ইন্দ্ৰয় জয় কৰিব পাৰে—জিতেন্দ্ৰিয়। যি কথাৰ অৰ্থ নাই—অর্থহীন, নিৰৰ্থক।
Comments
Post a Comment