উত্তৰ শংকৰী বা শংকৰোত্তৰ যুগৰ কবিসকল
১) ভট্টদেৱ : (১৫৫৮-১৬৩৮)
জন্মস্থান- কামৰূপ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰাম
পিতৃ- চন্দ্ৰ ভাৰতী
প্ৰকৃত নাম- বৈকুণ্ঠ নাথ ভট্টাচাৰ্য
উপাধিসমূহ- কবিৰত্ন, ভাগৱত ভট্টাচাৰ্য
ৰচনাৱলী- কথা ভাগৱত, কথা গীতা, কথা ৰত্নাৱলী, ভক্তিসাৰ ( সংস্কৃত) অপ্ৰকাশিত, শৰণমালিকা ,গুৰুবংশৱলী, প্ৰশংগমালা।
২) গোপাল আতা: (১৫৪০-১৬১১)
কালসংহতিৰ প্ৰৱৰ্তক ।
মাধৱদেৱে পতা ১২ জন ধর্মাচাৰ্যৰ অন্যতম।
কথা সাগৰ ৰূপে খ্যাতি লাভ।
পিতৃঃ কামেশ্বৰ ভূঞা
মাতৃ: ব্ৰজাংগী
ৰচনাৱলীঃ
অংকীয়া নাট——
উদ্ভাৱযান, জন্ম যাত্ৰা, নন্দোৎসৱ
৩. ৰামচৰণ ঠাকুৰঃ
মাধৱদেৱৰ ভাগিনীয়েক
পিতৃ—হোকোৰাকুচীয়া ৰামদাস কায়স্থ ।
ৰচনাৱলীঃ
১. সংস্কৃত ‘ভক্তি ৰত্নাকৰ' গ্ৰন্থৰ অসমীয়া পদানুবাদ, শংকৰ চৰিত,‘কংস বধ’ (অংকীয়া নাট), 'ভক্তিৰত্ন'
৪. গোপাল মিশ্ৰ:
দামোদৰ দেৱৰ শিষ্য।
খুদীয়া সত্ৰৰ প্ৰতিষ্ঠাতা।
লাভ কৰা উপাধি—কবিৰত্ন
গোপাল মিশ্ৰৰ ৰচনাৱলীঃ
ঘোষাৰত্ন(ৰচিত-১৬০০ নামঘোষা শ্ৰেণীৰ গ্ৰন্থ), শঙ্খচূড়া বধ , মহিষাসুৰ বধ
৫) ভাগৱত আচাৰ্যঃ
হৰিদেৱৰ শিষ্য
পিতৃ হৰিমিশ্র
ৰচনাৱলীঃ কথাসূত্র (সমস্ত ভাগৱতৰ সাৰস্বৰূপ) সত্ত্ব-তন্ত্ৰ (বৈষ্ণৱ ভক্তি সম্পৰ্কীয় গ্ৰন্থ), গীতাসাৰ (শ্ৰীমদ্ভাগৱত গীতাৰ সাৰাংশ)
৬) গোবিন্দ মিশ্ৰ:
ভট্টদেৱৰ সমসাময়িক পণ্ডিত
ৰচনাৱলীঃ
পদ-গীতা(শংকৰী,ভাস্কৰী,হনুমন্তী, আনন্দগিৰিৰ টীকা আলোচিত)
ভট্টদেৱৰ সংস্কৃত ভক্তিতত্ত্ব সম্পৰ্কীয় গ্রন্থ 'ভক্তিবিবেকৰ পদানুবাদ।
মহাভাৰতৰ অনুবাদকসকলঃ
১. কবীন্দ্ৰ পাত্ৰঃ
প্রাচীন কামৰূপী কবি
ৰচনা-মহাভাৰত
২. গোপীনাথ পাঠকঃ পিতৃ-ৰাম স্বৰস্বতী পৃষ্ঠপোষক ৰজা-দৰঙ ৰাজ ধৰ্মনাৰায়ণ
ৰচনাৱলীঃ
মহাভাৰতৰ দ্রোণ পর্ব, মহাভাৰতৰ সভাপর্ব, মহাভাৰতৰ স্বৰ্গাৰোহণ পৰ্ব
৩. দামোদৰ দাসঃ
জন্মস্থান-বৰপেটা
ৰচনাৱলীঃ
মহাভাৰতৰ শল্য পর্ব, মহাভাৰতৰ দ্রোণ পর্ব
৪. দামোদৰ দ্বিজঃ
ৰচনা- মহাভাৰতৰ শল্য পৰ্ব ।
৫. বিদ্যা পঞ্চানন:
পিতৃৰ নাম- কণ্ঠাভৰণ দ্বিজ বাসস্থান-বৰনগৰ (বৃহৎ নগৰ)
ৰচনাৱলীঃ
মহাভাৰতৰ ভীষ্ম পর্ব (১৬৪৮ খ্রীষ্টাব্দ) ( ৰজা ধৰ্মনাৰায়ণ ৰাজত্বকালত ৰচনা কৰে), মহাভাৰতৰ কৰ্ণ- পৰ্ব।
৬. ৰাম মিশ্ৰ
আহোম ৰজা জয়ধ্বজ সিংহৰ (১৬৫০-৬৩ খ্ৰীষ্টাব্দ) ৰাজত্ব কালৰ কবি ।
ৰাম মিশ্ৰৰ ৰচনাৱলীঃ
১. 'হিতোপদেশ'ৰ অসমীয়া অনুবাদ
২. বৰৰুচিৰ সংস্কৃত ‘দ্বাত্রিংশ পুত্তলিকা'ৰ অসমীয়া অনুবাদ ‘পুতলাচৰিত্ৰ’
৩. মহাভাৰতৰ ভীষ্ম-পৰ্বৰ অসমীয়া অনুবাদ (১৬৫০-
৬০ খ্ৰীষ্টাব্দৰ ভিতৰত
৪. বৃন্দাবন-চৰিত'
কোচবেহাৰ ৰাজসভাৰ কবিসকল—
১. শ্ৰী নাথ দ্বিজঃ
কোচ বেহাৰৰ প্ৰাণনাৰায়ণ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবি। (ইং-১৬২৫-৬৫)
ৰচনাৱলীঃ
মহাভাৰতৰ ‘আদি পৰ্ব’,দ্রৌপদী-সয়ম্বৰ 'দ্রোণ-পর্ব' দেশী ভাষালৈ অনুবাদ ।
২. কবিশেখৰঃ
পিতৃৰ নাম-ভবানন্দ
ৰচনা- মহাভাৰতৰ কিৰাত-পৰ্ব (কোচবেহাৰৰ ৰজা বীৰনাৰায়ণৰ আদেশত ১৫০৫ খ্রীষ্টাব্দ)
৩. দ্বিজ কবিৰাজঃ
মহাভাৰতৰ দ্ৰোণপৰ্বৰ অনুবাদ
৪. দ্বিজৰামঃ
মহাভাৰতৰ ভীষ্ম-পৰ্বৰ অনুবাদ
পুৰাণৰ অনুবাদকসকলঃ
১. কলাপচন্দ্ৰ দ্বিজাঃ
ৰচনা- ‘ৰাধা-চৰিত' নামৰ এখনি সৰু কাব্য ।
২. অনিৰুদ্ধ কায়স্থঃ
মাধৱদেৱৰ ককায়েক বাণ্ডুকাৰ দামোদৰৰ নাতি
পিতৃৰ নাম-ৰামচন্দ্ৰ ৷
ৰচনাঃ পঞ্চম স্কন্ধ ভাগৱত ৰচনা (ইং ১৬০২ খ্রীষ্টাব্দ)
৩. অনিৰুদ্ধদেৱঃ
মায়ামৰীয়া পন্থাৰ প্ৰৱৰ্তক
ভৱানীপুৰীয়া গোপাল আতাৰ অন্যতম প্রধান শিষ্য
জন্ম-১৪৭৫ শক
জন্মস্থান-নাৰায়ণপুৰ অঞ্চলৰ বালিকুছি
পিতৃদত্ত নাম-হৰকণ্ঠ
গুৰুদত্ত নাম- অনিৰুদ্ধ
ৰচনাৱলীঃ
ভাগৱতৰ চতুৰ্থ আৰু পঞ্চম স্কন্ধৰ পদ ভাঙনি।
৪. বিষ্ণু ভাৰতীঃ
ৰচনাৱলীঃ
১. ধ্ৰুৱ চৰিত্ৰ' (ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা বিষয়বস্তু সংগ্রহ)
২.‘ভাগৱত-ৰত্ন’(দ্বাদশ স্কন্ধ ভাগৱতৰ সাৰ স্বৰূপ)
৫. গোপালচৰণ দ্বিজাঃ
গোপালচৰণ গুৰ-দামোদৰদেৱৰ শিষ্য বংশী গোপালদেৱ
ৰচনাৱলীঃ
১.ভাগৱতৰ তৃতীয় স্কন্ধ
২. ভাগৱতৰ সপ্তম স্কন্ধ
৩.ভাগৱতৰ অষ্টম স্কন্ধ
৪.শংকৰদেৱৰ ভক্তি
ৰত্নাকৰৰ ভাঙণি
৫.হৰিবংশৰ কিছু অংশ ।
৬. কেশৱ কায়স্থঃ
শংকৰদেৱৰ ভ্ৰাতৃ বনগঞাগিৰি অথবা ৰামৰায়ৰ নাতি ।
ৰচনাৱলীঃ
১. ভাগৱতৰ সপ্তম স্কন্ধ (প্ৰহ্লাদ চৰিত্ৰ)
২.ভাগৱতৰ নৱম স্কন্ধ
৩.ভাগৱতৰ অষ্টম স্কন্ধৰ 'গ্ৰাহ গজেন্দ্ৰৰ উপাখ্যান।
৭. বাকী সকলো অনুবাদক-
অনুবাদক ৰচনা
চন্দ্রচূড় আদিত্য উটকাল খাণ্ড (১৬৬৭ খ্ৰীষ্টাব্দ)
ৰত্নাকৰ মিশ্ৰ ব্ৰহ্মগীতা(স্কন্দপুৰাণৰ অন্তৰ্গত)গীতা কীৰ্ত্তন
পুৰুষোত্তম ঠাকুৰ ন-ঘোষা
ৰামায়ণী ৰচনাঃ
১. হৃদয়ানন্দ বা অনন্ত কায়স্থঃ সপ্তদশ শতিকাৰ ৰামায়ণ ৰচক
ৰচনাৱলীঃ
১. শ্ৰী ৰাম-কীৰ্তন(১৫৭৭ শক,ইং ১৬৫৫ খ্রী)
২. প্ৰেমলতা (ভক্তিমূলক গ্ৰন্থ)
Comments
Post a Comment